Moran District Sports Association

Moran District Sports Association Official page of MDSA
If any query, Do contact

We are happy to announce that Moran town club is going open a football academy for the development of football players. ...
08/06/2024

We are happy to announce that Moran town club is going open a football academy for the development of football players. Lets unite, Let's football ⚽⚽

মৰাণ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত মন্টু শৰ্মা সোৱৰণি 'এ' ডিবিজন ফুটবল লীগৰ বটা বিতৰণি অনুষ্ঠান তথা মৰাণ জিলা ক্ৰ...
23/09/2023

মৰাণ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত মন্টু শৰ্মা সোৱৰণি 'এ' ডিবিজন ফুটবল লীগৰ বটা বিতৰণি অনুষ্ঠান তথা মৰাণ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত 'বি' ডিভিজন লীগৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাখনত মুঠ ১৬টা দলে অংশগ্রহণ কৰিছিল। আজিৰ চুড়ান্ত খেলখনত ভাগ লয় ঔফুলীয়া ফুটবল দল আৰু নলনিবাম ফুটবল দলে। দুয়োটা দলেই এক সু্ন্দৰ খেল প্ৰদৰ্শন কৰি ক্ৰীড়া প্ৰেমি ৰাইজক আপ্লুত কৰে। নলনিবাম ফুটবল দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি ঔফুলীয়া ফুটবল দলে চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে । প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ গলদাতাৰ বটা অৰ্জন কৰে ঔফলীয়া দলৰ জন প'ল কুজুৰে। চুড়ান্ত খেল তথা বটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্হাৰ সহকাৰী সম্পাদক সঞ্জীব বৰুৱা দেৱ, মৰাণ জিলা ক্ৰীড়া সন্হাৰ উপদেষ্টা তথা প্ৰাক্তন ৰাজ্যিক খেলুৱৈ তৰুণ ডেকা বৰুৱা দেৱ, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই দেৱ, মৰাণ জিলা ক্ৰীড়া সন্হাৰ ফুটবল সম্পাদক দিগন্ত গগৈ দেৱ, মৰাণ ৰেফাৰী বৰ্ডৰ সম্পাদক ৰাজীৱ সিংহ ফুকন দেৱ, মৰাণ জিলা ক্ৰীড়া সন্হাৰ যুটীয়া সম্পাদক চিত্র বুঢ়াগোহাঁই দেৱ, দাতা পৰিয়ালৰ লগতে বিশিষ্ট ব্যক্তি সকল। এই প্ৰতিযোগিতাখনত সহায় সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তিকে মৰাণ জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থাকিল।

অসম ফুটবল সন্থাৰ তত্বাবধানত মৰাণ জিলা ক্ৰীড়া সন্হাৰ আতিথ্যত মৰাণ অইল খেলপথাৰত 'A' (zone) ১৫ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল...
01/09/2023

অসম ফুটবল সন্থাৰ তত্বাবধানত মৰাণ জিলা ক্ৰীড়া সন্হাৰ আতিথ্যত মৰাণ অইল খেলপথাৰত 'A' (zone) ১৫ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা খনৰ আজি চুড়ান্ত খেলখন অনুষ্ঠিত হয়। চুড়ান্ত খেলখনত ভাগ লয় তিনিচুকীয়া জিলাৰ বাৰেকুৰি ফুটবল দল আৰু চুকাফা ক্লাব বৰুৱানগৰ(চৰাইদেউ) । তিনিচুকীয়া জিলাৰ বাৰেকুৰি ফুটবল দলে টাইব্ৰেকাৰত (২-১)গলৰ ব্যৱধানত চুকাফা ক্লাব বৰুৱানগৰ ফুটবল দলক পৰাস্ত কৰি চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে। আজিৰ খেলখনত উপস্তিত থাকে অসম ফুটবল সন্হাৰ 'ক' মণ্ডলৰ সভাপতি ডাঃ দেৱজিৎ দত্ত ডাঙৰীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ সঞ্চালক ডঃ মন্টু বড়ো ডাঙৰীয়া, অসম ফুটবল সন্হাৰ সহকাৰী সম্পাদক সঞ্জীব বৰুৱা ডাঙৰীয়াৰ লগতে বিশিষ্ট ব্যক্তি তথা ক্ৰীড়া সংগঠক সকল। এই প্ৰতিযোগিতাখনত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈকে মৰাণ জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থাকিল।

অসম ফুটবল সন্থাৰ তত্বাবধানত মৰাণ জিলা ক্ৰীড়া সন্হাৰ আতিথ্যত মৰাণ অইল খেলপথাৰত 'A' (zone) ১৫ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল...
28/08/2023

অসম ফুটবল সন্থাৰ তত্বাবধানত মৰাণ জিলা ক্ৰীড়া সন্হাৰ আতিথ্যত মৰাণ অইল খেলপথাৰত 'A' (zone) ১৫ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাখন আজিৰ পৰা (২৮-৮-২০২৩)আৰম্ভ হয়। আৰম্ভণি খেলখনত ভাগ লয় তিনিচুকীয়া জিলাৰ বাৰেকুৰি ফুটবল দল আৰু ভোগবাৰী ফুটবল একাডেমি (নাজিৰা) । তিনিচুকীয়া জিলাৰ বাৰেকুৰি ফুটবল দলে ১-০ গলৰ ব্যৱধানত ভোগবাৰী ফুটবল একাডেমিক পৰাস্ত কৰে।

অসম ফুটবল সন্থাৰ তত্বাবধানত তিনিচুকীয়াৰ কচুজান খেলপথাৰত 'A' (zone) ১৩বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাত  মৰাণ জিলা...
28/08/2023

অসম ফুটবল সন্থাৰ তত্বাবধানত তিনিচুকীয়াৰ কচুজান খেলপথাৰত 'A' (zone) ১৩বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাত মৰাণ জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি স্পৰ্টছ ক্লাৱে ডিব্ৰুগড় জিলা নামৰূপ টাউন ক্লাৱক ৩-১গলৰ ব্যৱধানত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হয়। দলটোৰ খেলুৱৈ সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা তথা দলটোৰ কৰ্মকৰ্তা সকললৈ মৰাণ জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ।

তিনিচুকীয়াত অনুষ্ঠিত অসম  ফুটবল সন্থাৰ ('A'zone)১৩বছৰ  অনুৰ্ধ আন্তঃ ক্লাৱ ফুটবল প্ৰতিযোগিতাত মৰান জিলা ক্ৰীড়া সন্থাক প্ৰ...
26/08/2023

তিনিচুকীয়াত অনুষ্ঠিত অসম ফুটবল সন্থাৰ ('A'zone)১৩বছৰ অনুৰ্ধ আন্তঃ ক্লাৱ ফুটবল প্ৰতিযোগিতাত মৰান জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি স্পৰ্টছ ক্লাৱে ২-০ গলৰ ব্যৱধানত তিনিচুকীয়া জিলাৰ বাৰেকুৰী ফুটবল ক্লাৱক পৰাস্থ কৰি ফাইনেলত প্ৰৱেশ কৰে। জিলা ক্ৰীড়া সন্থা তৰফৰ পৰা দলটো লৈ শুভেচ্ছা জনালোঁ।

তিনিচুকীয়াৰ কচুজান খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম ১৩ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাত মৰান জিলা ক্ৰীড়া সন্থাক প্...
24/08/2023

তিনিচুকীয়াৰ কচুজান খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম ১৩ বছৰ অনুৰ্ধ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাত মৰান জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰা ৰূপজ্যোতি স্পৰ্টচ ক্লাৱে মাৰ্ঘেৰিটা জিলাৰ Ex.service man clubক ৩-০ গলৰ ব্যৱধানত পৰাস্থ কৰে।অভিনন্দন।

মৰাণ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু মৰাণ জিলা ৰেফাৰী বৰ্ডৰ সহযোগত সদৌ অসম ৰেফাৰী কল্যাণ সন্হাৰ তৃতীয় সংখ্যক আন্তঃজিলা ...
25/06/2023

মৰাণ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু মৰাণ জিলা ৰেফাৰী বৰ্ডৰ সহযোগত সদৌ অসম ৰেফাৰী কল্যাণ সন্হাৰ তৃতীয় সংখ্যক আন্তঃজিলা ৰেফাৰী ফুটবল প্ৰতিযোগিতাখনি ১৮-০৬-২০২৩ তাৰিখে অনুষ্ঠিত হয়। এই বাৰ্ষিক প্ৰতিযোগিতাখনিত অসমৰ প্ৰায় ১২খন জিলা ক্ৰীড়া দলে অংশগ্রহণ কৰে। প্রথমখন খেল অনুস্থিত হয় তিতাবৰ জিলা ক্ৰীড়া দল বনাম ডিব্ৰুগড় জিলা ক্ৰীড়া দল। আৰু প্ৰতিযোগিতাৰ চুড়ান্ত খেলত অৱতীৰ্ণ হয় মৰাণ জিলা ক্ৰীড়া দল আৰু তিনিচুকীয়া জিলা ক্ৰীড়া দল। মৰাণ জিলা ক্ৰীড়া দলে তিনিচুকীয়া জিলা ক্ৰীড়া দলক ১-০ গলৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী দলৰ খিতাপ অৰ্জন কৰে। বটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সন্হাৰ কোষাধ্যক্ষ হীৰেন গগৈ ডাঙৰীয়া, অসম ফুটবল সন্হাৰ সহকাৰী সম্পাদক সঞ্জীব বৰুৱা ডাঙৰীয়া, সদৌ অসম ৰেফাৰী কল্যাণ সন্হাৰ উপদেষ্টা অজয় মহন ডাঙৰীয়া।

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when Moran District Sports Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category