11/01/2026
আজি অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতি, সামাজিক সেৱা ছছাইটিৰ উদ্যোগত আৰু বৃহত্তৰ মৈৰাবাৰী,হাতীমুৰীয়া অঞ্চলৰ ৰাইজৰ সহযোগত আজি মৈৰাবাৰী আৰক্ষী পৰিদৰ্শক ও ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী পংকজ দাস ডাঙৰীয়া স্থানান্তৰিত হোৱাত তেখেতক বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
লগতে, নতুনকৈ আৰক্ষী পৰিদৰ্শক ও ভাৰপ্ৰাপ্ত বিষয়া হিচাপে যোগদান কৰা নিকুঞ্জ বৰ্মন ডাঙৰীয়াকো শুভেচ্ছা জ্ঞাপন কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আজিৰ অনুষ্ঠানত উপস্থিত থাকি সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰমে- অ সামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজ সেৱক কমৰুল ইছলাম, সমিতিৰ উপ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক বদৰুজ্জামান আখটাৰ, সমাজ সেৱক ৱাকিব উদ্দিন মুক্তাৰ,সমাজ সেৱক ছফিকুল ইছলাম প্ৰধানী, বিশিষ্ট ব্যৱসায়ী আতাউৰ ৰহমান, সমাজ সেৱীকা মিছিৰা বেগম, বিশিষ্ট ব্যৱসায়ী বিল্লাল হুছেইন, গাঁও প্ৰধান হাৰুন অল ৰশিদ, সমাজ সেৱক আশাদুল ইছলাম প্ৰধানী, সমাজ সেৱীকা পপী বৰা, মইনুদ্দিন ফাউণ্ডেশ্যনৰ সম্পাদক গুলজাৰ হুছেইন, সমাজ সেৱক ফকৰ উদ্দিন আহমেদ আদি।
@