Dighirpar Raas Mahotsav

Dighirpar Raas Mahotsav Dighirpar Raas Mohotsav is a yearly festival of Dighirpar Shri Shri Hari Mandir
(1)

18/07/2026
অভিনন্দন হে নৱাগত ,স্বৰ্ণাভ শ্ৰীহীত গুৰু দাস ।দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰা...
09/05/2026

অভিনন্দন হে নৱাগত ,স্বৰ্ণাভ শ্ৰীহীত গুৰু দাস ।

দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ শ্ৰীশ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি, মঙলদৈ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ মাননীয় শ্ৰী গুৰুজ্যােতি দাসৰ সু-সন্তান স্বৰ্ণাভ শ্ৰীহীত গুৰু দাস এগৰাকী প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ।অতি কম বয়সতেই নিজৰ বেটিং শৈলীৰ বাবে সময়ে সময়ে দৰং তথা মংগলদৈবাসীক গৌৰৱান্বিত কৰিছে।

স্বৰ্ণাভে BCCI ৰ চেন্টাৰ অফ এক্সিলেঞ্চলৈ নিৰ্বাচিত হোৱা বাৰ্তাত দীঘিৰপাৰ শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতি, শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ লগতে বৃহত্তৰ দীঘিৰপাৰ অঞ্চলবাসী আনন্দিত হোৱাৰ লগতে আন্তৰিক শুভকামনা তথা অভিনন্দন জনালোঁ।এই যাত্ৰা আৰু অধিক জিলিকি উঠক।ভাৰতীয় ক্ৰিকেট দলত স্বৰ্ণাভে এদিন প্ৰতিনিধিত্ব কৰি সমগ্ৰ দেশৰ লগতে দৰং জিলাৰ লগতে মঙলদৈবাসীকো গৌৰাম্বিত কৰিব বুলি আশাবাদী। আগবাঢ়ি যোৱা হে নৱাৰুণ, উজ্জ্বলি উঠা।

Gurujyoti Das

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ লগত ওত: প্ৰোতভাৱে জড়িত থকা কৈকৰা গাওঁ নিবাসী তথা ...
17/02/2026

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ আৰু দীঘিৰপাৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ লগত ওত: প্ৰোতভাৱে জড়িত থকা কৈকৰা গাওঁ নিবাসী তথা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সদ্য অৱসৰী কৰ্মচাৰী , বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত সততে জড়িত ব্যক্তি মাননীয় শ্ৰী সোণেশ্বৰ বৰুৱাৰ বিদায় উপলক্ষে তেওঁৰ বাসগৃহত অনুষ্ঠিত কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকি অনাগত দিনবোৰত সু - স্বাস্থ্যৰে দীৰ্ঘ জীৱন কামনা কৰা হল।

শুকান বতৰত গছবোৰক অলপ পানী দি সজীৱ কৰাৰ চেষ্টা,লাহে লাহে বাঢ়িব ধৰিছে গোটেই কেইজোপাই।
20/01/2026

শুকান বতৰত গছবোৰক অলপ পানী দি সজীৱ কৰাৰ চেষ্টা,লাহে লাহে বাঢ়িব ধৰিছে গোটেই কেইজোপাই।

27/12/2025

দৰঙী কোঁচ ৰাজ্যৰ প্ৰথম ৰজা ধৰ্মনাৰায়ণ আৰু শৰাইঘাটৰ যুদ্ধত তেখেতৰ ১২,০০০ দৰঙী সৈনিকৰ সহযোগিতাৰে গঢ়া ইতিহাসৰ শক্তিশালী অধ্যায়ত খোদিত হৈ আছে বীৰত্ব-সাহসৰ অনন্য নিদর্শন। এনে মহান ঐতিহ্যক সন্মান জনাই মঙলদৈ ষ্টেডিয়ামক ৰজা ধর্মনাৰায়ণৰ নামত উছর্গা কৰাটো আমাৰ চৰকাৰৰ বিনম্র শ্রদ্ধাঞ্জলিৰ প্রয়াস।

26/12/2025

শুকান বতৰত গছ পুলিআৰু ফুলৰ গছ বোৰত অলপ পানী দি সজীৱ কৰা হল।

07/12/2025

অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে উদযাপন সমিতিৰ লগত মত বিনিময় কৰিবলৈ আজি উপস্থিত হয় দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আৰু সনাতন ধৰ্মালোচনী সভা উদযাপন সমিতিৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ সন্মানীয় সভাপতি তথা দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ, ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশ সন্মানীয় সভাপতি দিলীপ শইকীয়া দেৱ।
দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ লগতে শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে অবিভক্ত শদৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীৰ সৰ্বতোপৰি সফল হোৱাৰ কামনা কৰিলোঁ।

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আৰু সনাতন ধৰ্মালোচনী সভা- ২০২৫ ৰ অন্তিম দিনৰ অন্তিম ...
21/11/2025

দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৭১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ আৰু সনাতন ধৰ্মালোচনী সভা- ২০২৫ ৰ অন্তিম দিনৰ অন্তিম কাৰ্য্যসূচী সাংস্কৃতিক সন্ধিয়াত উপস্থিত থকা হাজাৰ হাজাৰ শ্ৰোতা- দৰ্শকৰ প্ৰতি দীঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতি আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা হল।

Address

Darrang
784144

Website

Alerts

Be the first to know and let us send you an email when Dighirpar Raas Mahotsav posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category