Biswanath Chariali Regional Student's union

Biswanath Chariali Regional Student's union Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Biswanath Chariali Regional Student's union, Event, Biswanath chariali, Biswanath Chariali.

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
08/07/2026

সকলোৰে সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা JAM অৰ্থাৎ Joint Admission Test for Masters পৰীক্ষাত ৭১ নম্বৰত স্থান লাভ কৰি বাংগালুৰুত...
19/06/2026

সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা JAM অৰ্থাৎ Joint Admission Test for Masters পৰীক্ষাত ৭১ নম্বৰত স্থান লাভ কৰি বাংগালুৰুত Indian Institute Of Science ত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰি বিশ্বনাথ চাৰিআলি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নগাঁও ৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াক বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনোৱা হয় ।

যোৱা কালি ইংৰাজী ৭/০৬/২০২৬ তাৰিখ দেওবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলিবাসী ৰাইজৰ সহ...
08/06/2026

যোৱা কালি ইংৰাজী ৭/০৬/২০২৬ তাৰিখ দেওবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিশ্বনাথ চাৰিআলিবাসী ৰাইজৰ সহযোগত অঞ্চলটোৰ বিভিন্ন জনসাধাৰণৰ সমস্যা, সামাজিক উন্নয়ন আৰু সাম্প্ৰতিক বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰি সমাধানৰ বাট প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি বীনাপাণি নাট্য মন্দিৰ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় ।

উক্ত সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা ডাঙৰীয়া , অসম উন্নতি সভা বিশ্বনাথ জিলাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়া , অসম সেনা বিশ্বনাথ আঞ্চলিক সমিতিৰ আহব্বায়ক নিহাৰ শইকীয়া ডাঙৰীয়া , শ্ৰদ্ধাৰ শিক্ষাগুৰু , জ্যেষ্ঠ নাগৰিক,সমাজকৰ্মী, বিভিন্ন গাঁও সংগঠনৰ সভাপতি - সম্পাদক আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰি অঞ্চলৰ বিভিন্ন সমস্যা আৰু উন্নয়নৰ ক্ষেত্ৰত মূল্যৱান মতামত আগবঢ়ায়। উপস্থিত সদস্যসকলে সামূহিক সহযোগিতা আৰু জনসচেতনতা বৃদ্ধি কৰিলেহে অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন সম্ভৱ বুলি মত প্ৰকাশ কৰে।

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই জনস্বাৰ্থজড়িত বিষয়সমূহত সদায় সক্ৰিয় ভূমিকা পালন কৰি আহিছে আৰু আগন্তুক দিনতো জনসাধাৰণৰ স্বাৰ্থত বিভিন্ন গঠনমূলক পদক্ষেপ গ্ৰহণ অব্যাহত ৰাখিব বুলি সভাত উল্লেখ কৰা হয়।

সভাখন সফলভাৱে সম্পন্ন কৰাত সহযোগিতা আগবঢ়োৱা সকলো ব্যক্তি, সংগঠন আৰু উপস্থিত ৰাইজক বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

যোৱা ইং ৩১-০৫-২৬ তাৰিখ দেওবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় অগ্নিকবি কমলাকান্ত ভট্...
01/06/2026

যোৱা ইং ৩১-০৫-২৬ তাৰিখ দেওবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয় অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আভ্যন্তৰীণ প্ৰেক্ষাগৃহত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত‌ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ - ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্য এক " বিশেষ অভিনন্দন অনুষ্ঠান" অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিৰণজ্যোতি ভূঞাই সভাপতিত্ব কৰে আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক প্ৰজ্ঞানজ্যোতি শইকীয়া ডাঙৰীয়া আৰু শিক্ষা সম্পাদক সুদীপ দেৱ ডাঙৰীয়ায়ে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া। অনুষ্ঠানটি শুভ উদ্বোধন কৰে অসম উন্নতি সভা বিশ্বনাথ জিলাৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়াই।এই অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি বিশ্বনাথ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ৪২০গৰাকী ছাত্ৰ -ছাত্ৰীক অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে অভিনন্দন জনোৱা ছাত্ৰ - ছাত্ৰী সকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানৰ অধ্যক্ষ সকলককো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা ডাঙৰীয়া, , বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° চিন্তামণি শৰ্মা ,বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা ডাঙৰীয়া , অসম সেনাৰ বিশ্বনাথ আঞ্চলিকৰ আহ্বায়ক নিহাৰ শইকীয়া ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কমীৰ্সকল উপস্থিত থাকি অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তুলে ।

অহা ৩১/০৫/২০২৬ তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আভ্যন্তৰীণ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা বিশ্...
29/05/2026

অহা ৩১/০৫/২০২৬ তাৰিখে বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য আভ্যন্তৰীণ প্ৰেক্ষাগৃহত দিনৰ ১১ বজাৰ পৰা বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানভাগ আয়োজিত কৰা হৈছে । সেয়েহে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ ।
ধন্যবাদ।
জয় আই অসম।।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে “পেট্ৰল, ডিজেল, ইন্ধনজাত সামগ্ৰী, জীৱনদায়িনী ঔষধ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্...
22/05/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে “পেট্ৰল, ডিজেল, ইন্ধনজাত সামগ্ৰী, জীৱনদায়িনী ঔষধ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত “বিক্ষোভ সমদল”।

সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থা
বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা
সদৌ‌ অসম ছাত্ৰ সন্থা

All Assam Students' Union - AASU

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ৰঙালী বিহুখনি  যোৱা ১৯/০৪/২৬ তাৰিখে ধৰ্মশালা প্ৰাংগনত  অনুষ্ঠিত  কৰা হয়  ।  অনুষ্ঠ...
21/04/2026

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ ৰঙালী বিহুখনি যোৱা ১৯/০৪/২৬ তাৰিখে ধৰ্মশালা প্ৰাংগনত অনুষ্ঠিত কৰা হয় । অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰা হয় । বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে ৰঙালী বিহুখনি অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে এইবাৰ ৰঙালী বিহুখনি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এক ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰত্যেক খন গাওঁৰ বয়োজ্যেষ্ঠ বিহু শিল্পী সকল যিসকলে অসমীয়াৰ হেঁপাহৰ বিহুটিক সমৃদ্ধ কৰি তোলাৰ লগতে অসমীয়া সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়োৱা বয়োজ্যেষ্ঠ বিহু শিল্পী সকলক সম্বৰ্ধনা জনোৱা হয় । এই অনুষ্ঠানটিত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা ডাঙৰীয়া, অসম সেনা বিশ্বনাথ আঞ্চলিক সমিতিৰ আহবায়ক নিহাৰ শইকীয়া ডাঙৰীয়া , প্ৰাক্তন ছাত্ৰ সন্থাৰ অগ্ৰজ সতীৰ্থবৃন্দ, বিশ্বনাথৰ বিভিন্ম জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু বিশ্বনাথৰ গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকে লগতে অনুষ্ঠানটিত বিশ্বনাথৰ গামোচা বিহু দলটিয়ে বিহু প্ৰদৰ্শন কৰে আৰু গামোচা বিহু দলটিৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ।সদৌ শেষত উক্ত অনুষ্ঠানটিত উপস্থিত বিশ্বনাথবাসী ৰাইজ আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

আজি ইংৰাজী ২৮/০৩/২০২৬ তাৰিখ শনিবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ  সন্থাৰ শ্বহীদ ভৱনত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন...
28/03/2026

আজি ইংৰাজী ২৮/০৩/২০২৬ তাৰিখ শনিবাৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ।উক্ত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে ভাৰপ্ৰাপ্ত সভাপতি হিৰণজ্যোতি ভূঞাই ।।তাৰ পিছত বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰজ্ঞান জ্যোতি শইকীয়াই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ।

উক্ত সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা , বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সূৰয ভূঞা সহিতে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সকল উপস্থিত থাকে। সভাখনত সংগঠনটো অধিক শক্তিশালী কৰা, আগন্তুক কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ কৰা আৰু ছাত্ৰ সমাজৰ স্বাৰ্থ জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।

সভাখনত এইবাৰ ৰঙালী বিহুখনি পূৰ্বৰ নিৰ্ধাৰিত তাৰিখত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই অনুষ্ঠানটো অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আয়োজন কৰা হ’ব । ইয়াৰ লগতে আগন্তুুক দিনত সংগঠনটোৰ কাৰ্যকলাপ অধিক সক্ৰিয়ভাৱে কাম সমূহ কৰি যোৱাৰ বাবে সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাখনৰ শেষত উপস্থিত সদস্যসকলে ছাত্ৰ সমাজৰ স্বাৰ্থ ৰক্ষা আৰু অসমবাসীৰ স্বাৰ্থত একেলগে কাম কৰি যোৱাৰ সংকল্প লয়।

আজি শ্বহীদ ভৱন প্ৰাংগণত নতুনকৈ নিৰ্মান হবলগীয়া ভৱনটিৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্...
16/02/2026

আজি শ্বহীদ ভৱন প্ৰাংগণত নতুনকৈ নিৰ্মান হবলগীয়া ভৱনটিৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা , সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভপতি আজমত শ্বেখ , বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞা , বিশ্বনাথৰ অসম সেনাৰ আহ্বায়ক নিহাৰ শইকীয়া,ছাত্ৰ সন্থাৰ অগ্ৰজ তথা অভিভাৱকস্বৰূপ অপূৰ্ব কুমাৰ দাস , ৰাজেন দাস ,কমল ভূঞা , বিদ্যুৎ শৰ্মা , মণ্টুমণি মহন্ত আৰু বহুতো প্ৰাক্তন ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু বিভিন্ম জাতীয় দল সংগঠনৰ বিষয়ববীয়াক সকল উপস্থিত থাকি অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তোলে ।

Address

Biswanath Chariali
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Biswanath Chariali Regional Student's union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category